Fire breaks out:ONGC ৰ তেল কঢ়িয়াই নিয়া গাড়ীক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:14 PM IST

Updated : Sep 22, 2023, 7:28 PM IST

thumbnail

সৰুপথাৰ, 22 ছেপ্টেম্বৰ : সৰুপথাৰৰ বেবেজীয়া গাঁৱত উত্তপ্ত পৰিস্থিতি । বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ ভয়ত শংকিত ৰাইজ । তেল ভৰ্তি টেংকাৰৰ পৰা তেল পৰি পথত সংঘটিত হ’ল অগ্নিকাণ্ড ।

সৰুপথাৰ বেবেজীয়া গাঁৱত ONGC ৰ কাণ্ডজ্ঞানহীন কৰ্মই স্থানীয় ৰাইজক শংকিত কৰি তুলিছে । বেবেজীয়াস্থিত ONGC ৰ তেল কঢ়িয়াই নিয়া গাড়ীৰ পৰা পথত পৰি ৰয় লিটাৰ লিটাৰ তেল । পথৰ সেই তেলত কোনোবাই ভুলবশত: চিগাৰেটৰ টুকুৰা পেলাই দিয়াত অকস্মাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ যাৰ ফলত গাঁওবাসী শংকিত হৈ পৰিছে ৷

স্থানীয় ৰাইজে আপত্তি কৰাৰ পাচতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । ONGC ৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । গাঁওখনৰ মূল পথটিৰেই ONGC ৰ বাহনে তেল কঢ়িয়াই নিয়ে । অথচ মূল পথটোৰ শোচনীয় অৱস্থালৈ কিন্তু নাই কাৰো গুৰুত্ব ৷ জৰাজীৰ্ণ পথটোৰেই কঢ়িয়াই নিয়ে লিটাৰে লিটাৰে তেল ।

শুকুৰবাৰে হোৱা অগ্নিকাণ্ডৰ ঘটনাই শংকিত কৰিছে গাঁওবাসীক ৷ বাঘজানৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনীয়তাই দেখা দিছে । বৰ্তমান ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি, আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : ONGC oil pipe burst in Amguri:তেলৰ পাইপ ফুটি নিৰ্গমন হৈছে তেল, চিন্তিত সাধাৰণ জনতা

Last Updated : Sep 22, 2023, 7:28 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.