Fire Breakout in Jorhat: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নিষিদ্ধ প্লাষ্টিক ভৰ্তি ট্ৰাক

By

Published : Dec 1, 2022, 5:25 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভোগদৈ আৰক্ষী চকীৰ সমীপত বুধবাৰে নিশা প্ৰায় 10 বজাত ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নিষিদ্ধ প্লাষ্টিক ভৰ্তি ট্ৰাক (Fire Breakout in plastic loaded truck) ৷ এই ঘটনা দেখি অঞ্চলটোৰ স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে (Fire Breakout in Jorhat) ৷ খবৰ পোৱা মাত্ৰকে উক্ত স্থানত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলায় যদিও ট্ৰাকখনত বৃহৎ পৰিমাণৰ প্লাষ্টিক থকাৰ বাবে জুই নুমুৱাবলৈ অসুবিধাৰ সন্মুখীন হয় ৷ অৱশ্যে দীৰ্ঘ সময়ৰ পিছত জুই নিৰ্বাপন কৰাৰ হয় যদিও সম্পূৰ্ণ ৰূপে ভস্মীভূত হৈ যায় ট্ৰাকখন ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে প্লাষ্টিক তথা মাৰাত্মক পলিথিন ব্যৱহাৰ আৰু প্ৰচলন নিষিদ্ধ ঘোষণা কৰাৰ পিছত একাংশ অসাধু ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ স্বাৰ্থত গোপনে সৰবৰাহ কৰি আছে ৷ জানিব পৰা মতে অৱৈধভাৱে নিষিদ্ধ পলিথিন অনা কথা বিভাগীয় কৰ্তৃপক্ষই অৱগত হোৱাৰ তথ্য লাভ কৰিয়ে ট্ৰাকখনকে জ্বলাই দিয়ে অবৈধ সৰবৰাহকাৰীয়ে ৷ আনহাতে ভোগদৈ আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ আতৰত এই ঘটনা সংঘটিত হয় যদিও আৰক্ষী উপস্থিত হ’বলৈ উক্ত স্থানত ত্ৰিশ মিনিটতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.