দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰি এজাহাৰ দাখিল

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 9:28 AM IST

thumbnail

যোৰহাট,২৮ ডিচেম্বৰ: দীপাংকৰ গগৈৰ মৃত্যুক লৈ এতিয়াও তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন দল-সংগঠনৰ তথা ৰাইজৰ ৷ দীপাংকৰ গগৈৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনৰ ৷ বুধবাৰে সন্ধিয়া দীপাংকৰৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি পৰিয়ালৰ লোকে যোৰহাট আৰক্ষী অধীক্ষকৰ লগতে ঘটনাটোৰ তদন্তৰ লগত জড়িত কেইবাগৰাকীও আৰক্ষী বিৰুদ্ধে তিতাবৰ থানাত দাখিল কৰে এখন এজাহাৰ ৷  

উল্লেখ্য যে, তিতাবৰৰ যুৱক দীপাংকৰ গগৈ যোৰহাট সেনা ছাউনীত গ্ৰেনেড নিক্ষেপ আৰু আলফা লগত জড়িত থকা অভিযোগত আৰক্ষীয়ে আটক কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ ফলত আত্মহত্যাৰ পথ বাচি লোৱা যি অভিযোগ সৰ্বত্ৰে উত্থাপিত হৈছে তাক লৈ এতিয়া ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । আৰক্ষীৰ অত্যাচাৰ বলি হৈ দীপাংকৰ গগৈ নামৰ ২৪ বছৰীয়া যুৱকজনে মৃত্যুক সাবটিবলগীয়া হোৱা ঘটনাৰ নিৰপেক্ষ তদন্ত বিচাৰিছে সকলোৱে । 

লগতে পঢ়ক: বৰাগাঁৱত ৰহস্যজনক ঘটনা: সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু, মৃত্যুৰে যুঁজিছে পিতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.