দেৰগাঁও থানাত পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে গোচৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:44 PM IST

thumbnail

গোলাঘাট, ৫ জানুৱাৰী : দেৰগাঁৱৰ বালিজানত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ বাবে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰি ফ'ৰলেন নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে দেৰগাঁও থানাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰিছে এজাহাৰ । ফ'ৰলেন নিৰ্মাণকাৰী সংস্থা এন এইচ আই ডি চি এলৰ ( NHIDCL) কাৰ্যবাহী সঞ্চালক পংকজ সিং, আৰ আই পি এলৰ (RIPL) পৰিচালন সঞ্চালক ওম প্ৰকাশ শৰ্মা আৰু পৰিচালক ইমৰাণ আনছাৰী, ক্ষেত্ৰ অভিযন্তা সোমনাথ আনছাৰী আৰু গণপতি কনট্ৰাকছনছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।  

ইপিনে,অবৈধ কয়লাৰ মালিক জামিৰ আলীৰ নামো সাঙোৰ খাইছে এজাহাৰত । এজাহাৰ দাখিলৰ ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । নিজৰ মইমতালিৰে ইমান বছৰে কাম চলাই যোৱা এই প্ৰতিষ্ঠানকেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়া কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যনীয় বিষয় ।

লগতে পঢ়ক:উচ্ছেদৰ পিছত বুঢ়াচাপৰি, লাওখোৱা অভয়াৰণ্যলৈ আগমন দুটাকৈ গঁড়ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.