Assam HSLC result 2023: অষ্টম স্থান দখল কৰি ধুবুৰীলৈ গৌৰৱ কঢ়িয়ালে ফাৰহান আছিফে

By

Published : May 23, 2023, 12:28 AM IST

thumbnail

ধুবুৰী, 22 মে’: আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অষ্টম স্থান দখলেৰে উজলিল ধুবুৰীৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় ৷ বিদ্যালয় খনৰ মেধাৱী ছাত্ৰ ফাৰহান আছিফে সৰ্বমুঠ 587 লাভ কৰি দখল কৰিছে অষ্টম স্থান (Fharhan Asif Got 8th Position in HSLC) ৷

ফাৰহানৰ পিতৃ মিজানুৰ ৰহমান পেছাত এগৰাকী ইলেক্ট্ৰনিক মেকানিক আৰু মাতৃ লতিফা বেগম এগৰাকী ঠিকা ভিত্তিক শিক্ষয়িত্ৰী ৷ ধুবুৰীৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ড গাঁৱত ঘৰ আছিফৰ ৷ অষ্টম স্থান দখল কৰি ভৱিষ্যতে এগৰাকী সফল ব্যৱসায়ী হোৱাৰ সপোন লৈ বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জনাইছে ফাৰহান আছিফ আৰবীয়াই (Assam HSLC result 2023) ৷  

ছাত্ৰজনৰ সফলতাত পিতৃ-মাতৃৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও যথেষ্ট সহায় কৰাৰ কথা কয় মেধাবী ছাত্ৰ গৰাকীয়ে ৷ ইফালে এই ফলাফলক লৈ উখল-মাখল পৰিৱেশ দেখা বিদ্যালয়খনত ৷ 

লগতে পঢ়ক: HSLC exam results 2023: অষ্টম স্থান দখল কৰি গোৱালপাৰালৈ গৌৰৱ কঢ়িয়ালে সাহিল ছিদ্দিকে 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.