ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আবদ্ধ ফেৰী, হাহাকাৰ যাত্ৰীসকলৰ

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 1:43 PM IST

thumbnail

মাজুলী, 24 ডিচেম্বৰ : দেওবাৰে ব্ৰহ্মপুত্ৰৰ মাজত পুনৰ আবদ্ধ হ’ল ফেৰী ৷ জানিব পৰা মতে, নিমাতী ঘাটৰ পৰা অফলামুখ ঘাটলৈ 10.30 মিনিটত গৈ আছিল ফেৰীখন । ইঞ্জিন বিকল হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত ফেৰীখনৰ আবদ্ধ হৈ আছিল । দুখন চাৰিচকীয়া বাহন, কেইবাখনো দুচকীয়া বাহনসহ প্ৰায় 65জন যাত্ৰী ফেৰীখনত আছে বুলি জানিব পৰা গৈছে ৷

আনহাতে আতংকিত হৈ পৰা যাত্ৰীসকলক পৰৱৰ্তী সময়ত আন এখন ফেৰীৰে উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷ 

বান হ’লে বহিঃজিলাৰ সৈতে মাজুলীৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ আনহাতে খৰালিৰ দিনত নদীৰ পানী শুকাই যায় ৷ ফলত মাজুলীবাসীয়ে চৰম দুৰ্ভোগ ভুগিবলগীয়া হয় ৷ আনহাতে মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে নিৰ্মাণ কৰি আছে যোৰহাট-মাজুলী সংযোগী দলং ৷ সেয়াও কেতিয়ালৈ সম্পূৰ্ণ হ’ব সেয়া আজি সাঁথৰ হৈ পৰিছে ৷ কিন্তু যোৰহাটৰ সৈতে যোগাযোগ কৰিবলৈ মাজুলীবাসীৰ বাবে একমাত্ৰ সাৰথি হৈছে ফেৰী সেৱা ৷

লগতে পঢ়ক : বাঘৰ মুক্ত বিচৰণৰ ভিডিঅ’ প্ৰচাৰৰ পিচতে আতংকিত মাজুলীবাসী 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.