বাঘৰ মুক্ত বিচৰণৰ ভিডিঅ’ প্ৰচাৰৰ পিচতে আতংকিত মাজুলীবাসী

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:29 PM IST

thumbnail

মাজুলী, 22 ডিচেম্বৰ : বন্যহস্তী, বনৰীয়া ম’হ আৰু বাঘৰ ত্ৰাসত আতংকিত হৈ পৰিছে ৰাজ্যৰ একাংশ অঞ্চল ৷ শেহতীয়াকৈ বাঘৰ পোৱালিসহ এজনী বাঘিনীৰ এটি মুক্ত বিচৰণৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিচতে আতংকিত হৈ পৰিছে মাজুলীবাসী ৷ এই ভিডিঅ’ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মাজুলী বন বিভাগৰ DFO গৰাকীয়ে ৷

তেওঁ জানিবলৈ কয় যে, মাজুলীত পোৱালীসহ মাইকী বাঘৰ বিচৰণৰ তথ্য এতিয়ালৈ বন বিভাগৰ হাতত পৰা নাই ৷ বন বিভাগে এই সন্দৰ্ভত সঠিককৈ একো ক’ব নোৱাৰে ৷ এতিয়ালৈকে কোনো স্থানীয় লোকে বাঘিনীজনীক প্ৰত্যক্ষ কৰাৰ কথাও জানিব পৰা হোৱা নাই ৷ কিন্তু চৰ চাপৰি অঞ্চলত এটি বাঘৰ মুক্ত বিচৰণৰ সন্দৰ্ভত বন বিভাগ জ্ঞাত ৷ তথাপিও মাজুলীবাসী ৰইজক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায় DFO গৰাকীয়ে ৷

লগতে পঢ়ক : GMC ত এটা ভূত আছে, এই ভূতে কাম সম্পূৰ্ণ হ’বলৈ নিদিয়ে : অশোক সিংহল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.