GMC ত এটা ভূত আছে, এই ভূতে কাম সম্পূৰ্ণ হ’বলৈ নিদিয়ে : অশোক সিংহল

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:42 AM IST

thumbnail

গুৱাহাটী, 22 ডিচেম্বৰ : "GMC ত কিবা এটা ভূত আছে । এই ভূতে কামবোৰ সম্পূৰ্ণ হ’বলৈ নিদিয়ে । পুনৰ নতুন ঠিকাদাৰক ঠিকা দিয়া হৈছে । এবছৰৰ ভিতৰত GMC ৰ বজাৰগৃহ সম্পূৰ্ণ কৰা লক্ষ্য হাতত লোৱা হৈছে । GMC ত কি ভূত আছে ভূতটো আমি বিচাৰি আছো । অলপ সময় লাগিব । ভূতটোৱে কামটো হ’ব নিদিয়ে ।" বৃহস্পতিবাৰে মহানগৰীৰ কেইবাটাও স্থানৰ বজাৰসমূহ পৰিদৰ্শন কৰি জিএমচিৰ বজাৰগৃহ সম্পূৰ্ণ নোহোৱা কাৰণ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংহলে ।

লগতেই ৰাজ্যৰ 13 খন জিলা জাৱৰ নিষ্কাষণ কৰা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰ আৱণ্টিত পুঁজিৰে কাম কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। গুৱাহাটী মহানগৰী পূৰ্বতকৈ পৰিষ্কাৰ হৈছে । জাৱৰ নিষ্কাষণ ক্ষেত্ৰত মহানগৰবাসীয়ে সহযোগ কৰিছে ৷"

ইফালে বজাৰগৃহ সন্দৰ্ভত মেয়ৰ মৃগেণ শৰণীয়াই কয়, "এই বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা লক্ষ্য হাতত লোৱা হৈছে । পূৰ্বৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ বৰ্তমান বজাৰসমূহ নিৰ্মাণৰ বাবে পুঁজি আৱণ্টন দিয়া হৈছে ৷ অহা 15 দিনৰ ভিতৰত কাম আৰম্ভ কৰিব পাৰিব । লগতেই মহানগৰীৰ প্ৰায় 12 খন বজাৰ মেৰামতি কৰাৰ বাবে আমি ব্যৱস্থা হাতত লৈছো ।"

লগতে পঢ়ক : শৌচাগাৰত স্কুল বাছ চালকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.