Felicitation programme: চমকং শিক্ষক কল্যাণ সমিতিৰ উদ্যোগত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

By

Published : Jun 24, 2023, 8:34 PM IST

thumbnail

জোনাই, ২৩ জুন :  চমকং শিক্ষক কল্যাণ সমিতিৰ উদ্যোগত শুকুৰবাৰে চমকং উচ্চ মাধ্যমিক বিদ্যালয়ত চমকং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত ৰায় আৰু চমকং অঞ্চলৰ পৰা ২০২৩ শিক্ষা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । চমকং শিক্ষক কল্যাণ সমিতিৰ সভাপতি তথা চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চমকং শিক্ষক কল্যাণ সমিতিৰ সম্পাদক প্ৰশান্ত বড়িয়ে ।

চমকং শিক্ষক কল্যাণ সমিতিৰ সদস্য তথা চমকং নামনি পাৰগ’ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মহেশ কাৰ্দঙে আঁতধৰা অনুষ্ঠানত চমকং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত ৰায়ক বিদায় সম্বৰ্ধনা জনোৱা হয় । চমকং শিক্ষক কল্যাণ সমিতিৰ তৰফৰ পৰা গামোচা, চেলেং, সঁফুৰা, মানপত্ৰ, ধৰ্মগ্ৰন্থ, বস্ত্ৰ, ছাতি প্ৰদান কৰি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত ৰায়ক বিদায় সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰী প্ৰধান শিক্ষক চন্দ্ৰকান্ত ৰায়ে কয় অতি পিছপৰা চমকং অঞ্চলত সত্তৰ দশকতে শিক্ষাৰ পৰিৱেশ নিৰ্মাণৰ বাবে গ্ৰাম্যঞ্চলৰ কৃষিজীৱী ৰাইজে হাত উজান দিছিল ৷ কেইবাগৰাকী শিক্ষানুৰাগী ব্যক্তিৰ নিৰল প্ৰচেষ্টাত কাঠ, বাঁহ, খেৰ আদি যোগাৰ কৰি বিদ্যালয় প্ৰতিষ্ঠাৰ কামত জড়িত হৈছিল বুলি বক্তব্য ৰাখে তেওঁ ৷ জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুমী বৰাৰ পৰিচালনাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত ৰায়ৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । আজিৰ সভাতে এইবছৰ চমকং অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৪ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, ফাইল, কলম আগবঢ়াই সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : Felicitation program : ধেমাজিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.