Felicitation program: মৰাণত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নৱ-নিযুক্ত যুৱক-যুৱতীক সম্বৰ্ধনা

By

Published : May 29, 2023, 5:17 PM IST

thumbnail

মৰাণ, 29 মে’: মৰাণত চৰকাৰৰ বিভিন্ন বিভাগত নৱ-নিযুক্ত প্ৰায় 200 যুৱক- যুৱতীক সম্বৰ্ধনা ৷ এই সম্বৰ্ধনা অনুষ্ঠানত অংশ ল'লে মন্ত্ৰী যোগেন মহন আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ 25 মে’ত ৰাজ্য চৰকাৰে 47 হাজাৰ যুৱক- যুৱতীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰে ৷ এই নিযুক্তিত মৰাণ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ প্ৰায় 200 গৰাকী যুৱক- যুৱতীয়ে লাভ কৰে নিযুক্তি (Felicitation program at Moran) ৷  

মৰাণ সমষ্টিৰ নৱ-নিযুক্ত যুৱক- যুৱতী সকলক অভিনন্দন জ্ঞাপনৰ উদ্দেশ্যে দেওবাৰে মৰাণ তিলৈ গ্ৰাম্য বজাৰ বহুমুখী প্ৰেক্ষাগৃহত এক অভিনন্দন আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয় (Assam Government recruitment) ৷ এই অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, চক্ৰ বিষয়া সংগীতা শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে নৱনিযুক্ত যুৱক- যুৱতী সকল উপস্থিত থাকে ৷ অনুষ্ঠানত নৱনিযুক্ত যুৱক- যুৱতী সকলক এটি গছপুলি আৰু এখনি ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰা হয় (Felicitation program) ৷  

অনুষ্ঠানত অংশ লৈ মন্ত্ৰী যোগেন মহনে কয়, যোগ্যতাৰ ভিত্তিত এতিয়া যুৱক- যুৱতী সকলে চাকৰি লাভ কৰিছে ৷ চৰকাৰী চাকৰি লাভক লৈ পূৰ্বে থকা ধাৰণা এতিয়া নোহোৱা হ'ব ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি এতিয়া ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলিও কয় মন্ত্ৰীজনে (Newly recruited youths were felicitated at Moran) ৷ 

লগতে পঢ়ক: Education Minister Dr Ranoj Pegu: লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.