গৌৰীসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫ জন

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 5:19 PM IST

thumbnail

আমগুৰি,৩ জানুৱাৰী: দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি থকাৰ সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী বৃন্দাবন চাৰিআলিৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পাঁচজনকৈ লোক । আমগুৰিৰ পৰা জাঁজী দিশেৰে গৈ থকা অৱস্থাত AS-04-AC-8254 নম্বৰৰ টেম্প'ক এখন ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত টেম্প'খন ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে ।  

টেম্প'ত থকা পাঁচজনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । আহত লোকসকল ক্ৰমে ডিব্ৰুগড়ৰ ৰীণা নাগ, কল্পনা বিশ্বাস, গোৱালপাৰাৰ নুৰ আলম, টেম্প' চালক কমল গগৈ, আমগুৰিৰ ৰূপজ্যোতি বৰুৱা । ইয়াৰে ৰূপজ্যোতি বৰুৱা জৰাবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক বুলি জানিবপৰা গৈছে । আঘাতপ্ৰাপ্তসকলক আমগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত জয়সাগৰ আৰু যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথত সম্প্ৰসাৰণৰ নামত হোৱা কাম অতি নিম্ন মানৰ : বিধায়ক ভাস্কৰ বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.