Diamond mine: হীৰা উদ্ধাৰ কৰি লাখপতি হ’ল কৃষক

By

Published : Jul 28, 2023, 9:35 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 28 জুলাই: মধ্য প্ৰদেশৰ পান্নাৰ ভূমি বিশ্বৰ মূল্যৱান হীৰাৰ বাবে জনাজাত ৷ কোৱা হয় যে পান্নাৰ ভূমিয়ে যিকোনো লোককে ধৰ্নাঢ্য কৰি তুলিব পাৰে । সুনীল কুমাৰ আৰু তেওঁৰ আন 9 জন সহযোগীৰ সৈতেও শুকুৰবাৰে একেই ঘটনা ঘটিল ৷ যাৰ ফলত ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল ৷  

উল্লেখ্য যে সুনীল কুমাৰ পেছাত এজন কৃষক ৷ সুনীল কুমাৰে তেওঁৰ 9জন সহযোগীৰ সৈতে জাৰুৱাপুৰ নামৰ ঠাইত ব্যক্তিগত ভূমিত হীৰাৰ খনন আৰম্ভ কৰিছিল ৷ অৱশেষত তেওঁলোকৰ এই প্ৰচেষ্টাই লাভ কৰিলে সফলৰূপ ৷ খননৰ সময়ত তেওঁলোকে 7 কেৰেট 90 চেণ্টৰ এটুকুৰা হীৰা লাভ কৰিবলৈ সক্ষম হয় ৷  

সম্প্ৰতি সেই হীৰা তেওঁলোকে হীৰা কাৰ্যালয়ত জমা কৰিছে ৷ আগন্তুক সময়ত সেই হীৰা নিলাম কৰা হ’ব বুলি জানিব পৰা হৈছে ৷ এই হীৰা টুকুৰাৰ আনুমানিক মূল্য প্ৰায় 10 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ 

লগতে পঢ়ক: Sukesh Chandrashekhar letters : সুকেশৰ পত্ৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ আদালতৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.