Fake ADC Arrested: আৰক্ষীৰ জালত ভুৱা এ ডি চি

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:29 PM IST

thumbnail

দৰং, 23 ছেপ্টেম্বৰ: দলগাঁৱৰ পদুপুৰী গাঁৱত এইবাৰ ভুৱা এ ডি চিক আটক । দৈপাম আৰক্ষীয়ে আটক কৰে লভিতা দাস নামৰ মহিলাগৰাকীক । উল্লেখ্য যে সন্দেহযুক্ত এ ডি চি গৰাকী দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত পদুপুৰী গাঁৱৰ মজিবুৰ ৰহমানৰ নামৰ ব্যক্তিজনৰ ঘৰত শুকুৰবাৰে সন্ধিয়া উপস্থিত হৈছিল মাটি-বাৰীৰ বিবাদৰ মীমাংসা কৰিবলৈ । তাতেই ৰাইজৰ সন্দেহ ওপজাত খবৰ দিয়ে সাংবাদিকক ৷ পৰৱৰ্তী সময়ত সাংবাদিকৰ দলে দলগাঁও আৰু দৈপাম আৰক্ষীক খবৰ দিয়ে  ৷

আৰক্ষীয়ে ৰাইজৰ সহযোগত মহিলাগৰাকীক আটক কৰি দৈপাম আৰক্ষী চকীলৈ লৈ যায় । ভুক্তভোগী মজিবুৰ ৰহমানৰ মন্তব্য অনুসৰি, বানেছ আলী নামৰ লোকজনে মজিবুৰ ৰহমানৰ মাটিৰ সন্দৰ্ভত চলি থকা বিবাদ মীমাংসা কৰাৰ উদ্দেশ্যে লৈছিল 30 হাজাৰ টকা । শুকুৰবাৰে বানেছ আলীয়ে আটকাধীন মহিলাগৰাকীক ভুৱা এ ডি চি সজাই বিবাদমান বিষয়টো মীমাংসাৰ বাবে পঠিয়াওৱাৰ অভিযোগ ভুক্তভোগী মজিবুৰৰ । ঘটনা সন্দৰ্ভত দলগাওঁ আৰু দৈপাম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Meri Maati Mera Desh: দৰঙত অমৃত কলহ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সজাগতা সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.