Fake gold seized from barpeta:বৰপেটাত উৎখাত নকল সোণৰ বেহা !

By

Published : Jun 12, 2023, 10:32 PM IST

Updated : Jun 13, 2023, 12:09 PM IST

thumbnail

বৰপেটাৰোড,12 জুন : লখিমপুৰত নহয় এইবাৰ বৰপেটাত ওলাইছে নকল সোণৰ ব্যৱসায় ৷ লখিমপুৰ জিলা আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচত নকল সোণ বেপাৰীয়ে লখিমপুৰ এৰি ঘাটি পাতিছে বৰপেটাত ৷ নকল সোণ বেপাৰীয়ে বৰপেটাত ঘাটি পতাৰ খবৰ পোৱাৰ পাচতে বৰপেটা আৰক্ষীয়েও নকল সোণৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই 1 কিঃগ্ৰাম ওজনৰ এখন নকল সোণৰ নাও জব্দ কৰে ৷ নকল সোণসহ কেইবাজনো নকল সোণৰ ব্যৱসায়ীক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা নকল সোণৰ বেপাৰী কেইজন সৰ্থেবাৰীৰ আহমেদ আলী, সৰভোগৰ উমেদ আলী, ভৱানীপুৰৰ ৰাজাঘাটৰ নবৰুদ্দিন, বিহপুৰীয়াৰ ছাইদুৰ ৰহমান, নাওবৈছাৰ হাছিফুল ইছলাম আৰু আব্দুল হাচেম বুলি জানিব পৰা গৈছে ৷ ধৃত আটকাধীন নকল সোণ বেপাৰীৰ কেইজনৰ পৰা নগদ তিনি লাখ টকা, ৮ টা মোবাইল আৰু এখন বাইক জব্দ কৰে ৷

Last Updated : Jun 13, 2023, 12:09 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.