বৰপেটাত উৎকোচ লৈ হাত দাঙিলে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাই

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:49 PM IST

thumbnail

বৰপেটা, 16 ডিচেম্বৰ : পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন চৰকাৰী বিষয়া ৷ এজন ঠিকাদাৰৰ আমানতৰ ধন মুকলি কৰি দিয়াৰ বাবদ উৎকোচ লৈ চি এম ভিজিলেন্সৰ জালত পৰিল এজন কাৰ্যবাহী অভিযন্তা ৷ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বৰপেটা জিলাৰ সৰভোগ-জনীয়া সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাস ৷

সৰভোগ-জনীয়া সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাজনক বৰপেটা-বাঘবৰ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰে ভিজিলেন্সৰ দলে ৷ উল্লেখ্য যে সৰভোগৰ এজন ঠিকাদাৰৰ আমানতৰ ধন মুকলি কৰি দিয়াৰ বাবদ কাৰ্যবাহী অভিযন্তাজনে বিচাৰিছিল উৎকোচ ৷ ঠিকাদাৰ গৰাকীয়ে উৎকোচৰ ধন আদায় দিয়াৰ পূৰ্বে এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰে ৷  

ইফালে উৎকোচ বিচৰা কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসে ঠিকাদাৰজনক শনিবাৰে সন্ধিয়া বৰপেটা চহৰত থকা জলসিঞ্চন বিভাগৰ বৰপেটা-বাঘবৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়লৈ আহি তেওঁক বিচৰা ধনখিনি দি যাবলৈ কয় ৷ সেই মৰ্মে ঠিকাদাৰজনে কাৰ্যবাহী অভিযন্তাজনক ধন আদায় দিবলৈ বৰপেটালৈ আহে ৷ ইয়াৰ পিছতেই ঠিকাদাৰজনে ধন আদায় দিয়াৰ সময়তে কাৰ্যবাহী অভিযন্তাজনক দলটোৱে হাতে-লোটে ধৰা পেলায় আৰু আটক কৰে ৷ 

লগতে পঢ়ক : শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল লখিমপুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.