Exceptional Durga Puja : গুৱাহাটীত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এখন ব্যতিক্ৰমী দুৰ্গা পূজা

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 4:04 PM IST

thumbnail

গুৱাহাটী, 23 অক্টোবৰ : মহানগৰীৰ এখন ব্যতিক্ৰমী দুৰ্গা পূজা । য’ত পুৰোহিতৰ পৰা আদি কৰি ভোগ বিলোৱা, আনকি অন্যান্য কাম-কাজো মহিলাৰ দ্বাৰা সম্পন্ন কৰা হয় ৷ কেৱল মহিলাৰ দ্বাৰা সম্পন্ন কৰা এই বিশেষ দুৰ্গা পূজাভাগ হৈছে মহানগৰীৰ পাথৰকুৱৰীৰ 1 নং মঠঘৰীয়াৰ শ্ৰীশ্ৰী মা মনসা মন্দিৰ পূজা সমিতি ।

এই দুৰ্গা পূজা সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বেলিও আয়োজন কৰা হৈছে শ্ৰীশ্ৰী দুৰ্গা পূজা । বিগত 2006 চনৰ পৰা ধাৰাবাহিকভাৱে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰ মাজেৰে দুৰ্গা পূজাভাগ সম্পন্ন কৰি আহিছে আয়োজক কমিটীয়ে । জাক-জামকতাৰ বিপৰীতে সম্পূৰ্ণ বৈদিক নীতি নিয়মৰ মাজৰে সম্পন্ন কৰা হয় এই দুৰ্গা পূজাভাগ ।

উল্লেখ্য যে, স্থানীয় প্ৰায় অৰ্ধ শতাধিক মহিলাই পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে দেৱী প্ৰতিমাৰ সলনি 108 টা ঘট স্থাপনৰে পূজা সম্পন্ন কৰিছে ৷

লগতে পঢ়ক : Maha Navami 2023 : শ্ৰীশ্ৰী বুঢ়ী গোসাঁনী দেৱালয়ত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.