Badruddin Ajmal Controversy: "অসমৰ মানুহে বদৰুদ্দিন আজমলকো দলিয়াই পেলাব লাগে" - প্ৰাক্তন বিধায়ক আব্দুল আজিজ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:05 PM IST

thumbnail

চামগুৰি, 16 নৱেম্বৰ: "যদি জানি শুনিয়েই আজমলে চেলেংখন দলিয়াই দিছিল, তেনেহ’লে অসমীয়া মানুহে আজমলকো দলিয়াই পেলাব লাগে ৷ অসমীয়া সংস্কৃতি সম্পৰ্কে তেওঁৰ জ্ঞান নাই ? তেওঁ কাৰোবাৰ হাতত দিব লাগিছিল ৷ বদৰুদ্দিন আজমলে আজিকালি এনেকুৱা কাম কাজ কৰাৰ আৰম্ভ কৰিছে যিটোৱে আমাকো ক্ষতি কৰিব ৷ অসমীয়া গামোচাৰে অসমৰ মুছলমান লোকসকলেও সম্বৰ্ধনা জনায় ৷ বদৰুদ্দিন আজমলে বিতৰ্কিত কথা কৈয়েই থাকিব, সিমানেই অসমীয়া লোকসকল একত্ৰিত হৈ থাকিব ৷" অসমীয়াৰ স্বাভিমান চেলেং চাদৰ দলিওৱাক লৈ AIUDF ৰ প্ৰধান বদৰুদ্দিন আজমলক উভতি ধৰিলে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে।

আজিজে লগতে কয় যে, বদৰুদ্দিন আজমল ইমান ডাঙৰ মানুহ নহয়, তেওঁ জমিয়তৰ নামত চলি আছে, জমিয়ত বন্ধ হৈ পৰিলেই আজমল জিৰো হৈ পৰিব বুলি মন্তব্য প্ৰাক্তন বিধায় আব্দুল আজিজৰ । অসমৰ মুখ্যমন্ত্ৰীয়ে আজমলৰ ওপৰত ব্যৱস্থা নলয়, কাৰণ আজমলে বিতৰ্কমূলক মন্তব্য কৰিলে শাসক পক্ষৰ লাভ হয় । অসমৰ মিঞা মুছলমানক আজমলক বহিস্কাৰ কৰিবলৈ আহ্বান জনাই প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, অন্যথা অসমতো ইজৰাইল পেলেষ্টাইনৰ দৰে অৱস্থা হ’ব ৷

লগতে পঢ়ক: Ali Aye Ligang Controversy: আলি-আয়ে-লৃগাঙৰ বন্ধ বাতিলক লৈ ক্ষোভ মিচিং জনগোষ্ঠীয় ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.