Eviction in Sivasagar: শিৱসাগৰত পৌৰসভাৰ উচ্ছেদ অভিযান

By

Published : Feb 1, 2023, 6:54 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

শিৱসাগৰ, ১ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি উচ্ছেদ অভিযান চলি আছে ৷ বিগত সময়ত চৰকাৰী ভূমিত বেদখলকৃভাৱে আশ্ৰয় লোৱা সকলো বেদখলকাৰীক এফালৰ পৰা উচ্ছেদ কৰি গৈছে ৰাজ্য চৰকাৰে ৷ বনাঞ্চলৰ ভূমিকে ধৰি, সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে এই  উচ্ছেদ অভিযান (Eviction in Assam) ৷ 

উল্লেখ্য় যে একাংশ সন্দেহযুক্ত নাগৰিক আৰু একাংশই অন্যস্থানত ভূমি থকাৰ স্বত্বেও বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰি আছে । তেওঁলোকে লগতে এই ভূমিত কৰি আহিছে কৃষি কাৰ্য ৷ সেইসমূহ স্থান বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে উচ্ছেদ অভিযান তীব্ৰতৰ কৰিছে ৷ তদুপৰি একাংশ ব্য়সায়ীয়ে চহৰাঞ্চলত চলাই আছে বেদখল (Encroachment in Sivasagar)। এনে বেদখলকাৰীৰ বিৰুদ্ধে বুধবাৰে পৌৰ কৰ্তৃপক্ষই চলালে উচ্ছেদ অভিযান (Eviction in Sivasagar)।

শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত আজি শিৱসাগৰ পৌৰসভাই উচ্ছেদ অভিযান চলায় (Eviction of Sivasagar municipality)। উল্লেখ্য় যে শিৱসাগৰ পৌৰ এলেকাৰ অন্তৰ্গত একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে পদপথ অবৈধ ভাবে দখল কৰি আছিল । এইসকল ব্যৱসায়িক প্ৰতিষ্ঠানক এনে কাৰ্যৰ পৰা প্ৰশাসনে বিৰত থাকিবলৈ সঁকীয়াই  থকাৰ পিছতো তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ।  

এই অবৈধ নিৰ্মাণ সমূহ ভাঙি দিয়াৰ বাবে পৌৰ কৰ্তৃপক্ষই বহুবাৰ জাননী প্ৰেৰণ কৰিছিল ।কিন্তু জাননী লাভ কৰাৰ পাছতো একাংশ ব্যৱসায়ীৰ গা লৰা নাছিল । অৱশেষত আজি শিৱসাগৰ পৌৰসভাই পদপথ দখল কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে অভিযান চলাই পদপথৰ ওপৰত কৰা অস্থায়ী নিৰ্মাণসমূহ উচ্ছেদ কৰে । এই উচ্ছেদ অভিযান পদপথ মুকলি নোহোৱা পৰ্যন্ত চলি থাকিব বুলি পৌৰ কৰ্তৃপক্ষই সদৰী কৰিছে । আজিৰ এই অভিযানৰ পিছতো যদি কোনো লোকে এনে কাৰ্যত লিপ্ত হয় তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব বুলি সঁকীয়াই দিয়ে।

লগতে পঢ়ক:National Yogasana Sports Championship: ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত তিনিটাকৈ পদক আজুৰিলে যুক্তা বৰাই

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.