ৱাকিং জ’ন নিৰ্মাণৰ পূৰ্বে নগাঁৱত উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:08 PM IST

thumbnail

নগাঁও, 5 ডিচেম্বৰ : নগাঁও চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে মৰিকলং প্ৰকল্পৰ নিৰ্মাণ কাৰ্য অব্য়াহত আছে ৷ এই প্ৰকল্পৰ অধীনত মৰিকলঙত চলি আছে ৱাকিং জ’ন নিৰ্মাণৰ কাম । 

ইয়াৰ মাজতে মৰিকলঙৰ ৱাকিং জ’নৰ কাষতে কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে অবৈধভাৱে দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল ৷ কিন্তু ৱাকিং জ’ন মুকলিৰ পূৰ্বেই মঙলবাৰে বিয়লি অবৈধভাৱে দখল কৰা ভূমিত উচ্ছেদ অভিযান চলাই নগাঁও জিলা প্ৰশাসনে । নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়া ঈশান সিঙৰ উপস্থিতিত মঙলবাৰে বিয়লি জিলা প্ৰশাসনে উচ্ছেদ কৰে অবৈধভাৱে দখল কৰা ব্যৱসায়িক প্ৰতিষ্ঠান । 

ইয়াৰ পিচতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সম্প্ৰতি নগাঁৱৰ মৰিকলঙৰ পাৰত নৱনিৰ্মিত ৱাকিং জ'ন ৰাইজলৈ মুকলি কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে নগাঁও জিলা প্ৰশাসনে ।

লগতে পঢ়ক: জনতা ভৱনত মন্ত্ৰী সিংহলৰ ৭ খনকৈ গুৰুত্বপূৰ্ণ বিভাগীয় পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.