Eviction at Manikpur: মাণিকপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 8:18 PM IST

thumbnail

বঙাইগাঁও,৬ নৱেম্বৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ৰাখালডুবিত সোমবাৰে প্ৰশাসনে চলালে উচ্ছেদ অভিযান । ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে জিলা প্ৰশাসনে বলড'জাৰৰ সহায়ত উচ্ছেদ চলায় । মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰীতিমনি দাস, লাট মণ্ডল আৰু আৰক্ষীৰ এটা বৃহৎ দলৰ উপস্থিতিত এফালৰ পৰা ভাঙি গ'ল পকীঘৰ, উভালি পেলালে প্ৰকাণ্ড প্ৰকাণ্ড গছ ।  

ইফালে প্ৰসাশনে কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালবোৰে । কোনো ধৰণৰ জাননী নাইবা ক্ষতিপূৰণৰ ধন নিদিয়াকৈ প্ৰশাসনে পট্টাৰ ভূমিত উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰে ক্ষতিগ্ৰস্ত লোকসকলে । পৰশুৰাম চৌহান, ধনঞ্জয় চৌহান, কৃষ্ণ চৌহান, ললিতা চৌহান, কানাই চৌহান, জয়ন্তী চৌহানৰ বাসগৃহৰ লগতে এখন ধাবাত প্ৰসাশনে বুলড'জাৰ চলায় বুলি জানিব পৰা গৈছে । শনিবাৰৰ ভিতৰত বাকী পৰিয়ালবোৰক নিজে নিজে নিজৰ গৃহবোৰ ভাঙি অন্য স্থানলৈ যাবলৈ প্ৰসাশনে আহ্বান জনায় ।  

লগতে পঢ়ক: Nameri National Park : পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.