Erosion in jonai: বুঢ়ীয়া চাপৰিত খহনীয়াৰ ভয়ংকৰ ৰূপ, আতংকিত নৈপৰীয়া

By

Published : Aug 2, 2023, 12:24 PM IST

thumbnail

জোনাই, 2 আগষ্ট: জোনাই ৰাজহ চক্ৰ তথা লাইমেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বুঢ়ীয়া চাপৰিৰ কাষ্ণা টুকুৰা ৰাজহ গাঁৱত ভয়ংকৰ ৰূপ লৈছে চিয়াং আৰু লালী নদীৰ খহনীয়াই । 156 টা পৰিয়াল থকা বুঢ়ীয়া চাপৰিৰ কাষ্ণা টুকুৰা গাঁওখনৰ 50 টাৰো অধিক পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি তথা বাট-পথ, মূল্যৱান গছ-গছনি আদি ইতিমধ্যে জাহ গৈছে চিয়াং আৰু লালী নদীৰ ভয়ংকৰ খহনীয়াত । ফলত পৰিয়ালসমূহ গৃহহীন হৈ পৰিছে  । 

জানিব পৰামতে খহনীয়াত ঘৰবাৰী জাহ গৈ গৃহহীন পৰিয়ালসমূহে বৰ্তমান অঘৰীৰ দৰে জীৱন-যাপন কৰিবলগীয়াত পৰিছে । ইফালে চিয়াং আৰু লালী নদীৰ ভয়ংকৰ খহনীয়া বৰ্তমানো অব্যাহত থকাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজে । উপায়বিহীন হৈ পৰিয়ালবোৰে উজাগৰী নিশা কটাবলগীয়াত পৰিছে ।

সংবাদ মাধ্যমৰ যোগেদি নৈপৰীয়া ৰাইজে চিয়াং আৰু লালী নদীৰ খহনীয়াত ঘৰবাৰী সমস্ত হেৰুওৱা পৰিয়ালসমূহক জোনাই মহকুমা প্রশাসন তথা অসম চৰকাৰক সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে । উল্লেখ কৰা প্ৰয়োজন যে, চিয়াং আৰু লালী নদীৰ খহনীয়াৰ বাবে সময় থাকোতে ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই জোনাইৰ মানচিত্ৰৰ পৰা বুঢ়ীয়া চাপৰি কাষ্ণা টুকুৰা ৰাজহ গাঁওখন হেৰাই যাব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Cyber criminals apprehended: 1243 খন ভুৱা চিমকাৰ্ড সহ চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.