Murder in Guwahati: ফ্ৰেণ্ডছ পথত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ; কাষত পৰি আছিল ৰডৰ টুকুৰা

By

Published : Jul 27, 2023, 12:59 PM IST

thumbnail

গুৱাহাটী, 27 জুলাই : মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত উদ্ধাৰ এজন লোকৰ মৃতদেহ ৷ নিহত লোকজনৰ নাম জাভেদ আলী আহমেদ বুলি জানিব পৰা গৈছে ৷  

জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা জাভেদ আলী আহমেদ নামৰ অৱসৰপ্ৰাপ্ত ব্যক্তিজনে 4 মান বজাতে মছজিদলৈ নামাজ পঢ়িবলৈ গৈছিল ৷ মছজিদৰ পৰা আহি থাকোতে কোনো দুৰ্বৃত্তই ব্যক্তিজনক হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ দুজন যুৱকে মৰিয়াই হত্যা কৰাৰ সন্দেহ ব্যক্তিজনক ৷  

ইতিমধ্যে ঘটনাস্থলীত এডাল ৰড উদ্ধাৰ কৰা হৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ পূৰ্বেও এই পথত সংঘটিত হৈছিল আন এক হত্যাকাণ্ড ৷ হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত হৈছিল এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ 

লগতে পঢ়ক : Morigaon Mob lynching: গণ প্ৰহাৰত নিহত ছাদ্দাম হুছেইনৰ বাসগৃহত জিলা আয়ুক্ত দেবাশীষ শৰ্মা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.