ৰাজ্যৰ কৃষিত যান্ত্ৰিকীকৰণ কৰি স্বাৱলম্বিতা আন্দোলনৰ প্ৰয়োজন হৈছে : শিক্ষামন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 1:46 PM IST

thumbnail

ধেমাজি, 07 জানুৱাৰী : ‘‘তিনি কোটি ত্ৰিশ লাখ জনসংখ্যাৰে ভৰি থকা ৰাজ্যত চৰকাৰৰ চাকৰি সংখ্যা মাত্ৰ পাঁচ লাখ ৷ বিজেপি চৰকাৰে ছয় লাখলৈকে বৃদ্ধি কৰিছে যদিও আৰু বৃদ্ধি কৰাত যথেষ্ট জটিলতা আছে ৷ সেয়ে ৰাজ্যত শিক্ষিত যুৱ চামে কেঁকোৰা নাঙলৰ পৰিৱৰ্তে কৃষিত যান্ত্ৰিকীকৰণৰ জৰিয়তে স্বাৱলম্বিতাৰ আন্দোলনৰ গঢ়ি তোলাৰ প্ৰয়োজন হৈছে ৷’’ শনিবাৰে ধেমাজি বাটঘৰীয়াত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত হৈ এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

তদুপৰি ৰাজ্যৰ সকলো ছাত্ৰ সংগঠনক চৰকাৰী বিদ্যালয়ত নিয়মীয়া শিক্ষকৰ উপস্থিতি তদাৰক কৰা লগতে চৰকাৰী শিক্ষা মানদণ্ড উন্নত কৰা বাবে ছাত্ৰ সংগঠনক আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহক তীক্ষ্ণ দৃষ্টি দিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : সাংবাদিকক আক্ৰমণৰ উচিত তদন্তৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.