Amrit Kalash Yatra: ধেমাজিত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:14 PM IST

thumbnail

ধেমাজি, 26 ছেপ্টেম্বৰ : উদুলি মুদুলি পৰিৱেশৰ মাজত মঙলবাৰে ধেমাজি উন্নয়নখণ্ডৰ অধীনৰ হাতীগড়ত মোৰ মাটি মোৰ দেশ অভিযানৰ অংশ হিচাপে অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হয় ৷ এই অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ৷

মঙলবাৰে ধেমাজিৰ হাতীগড়ত গায়ন-বায়ন ঢোলে-ডগৰে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অমৃত কলহ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এক অখণ্ড ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰাৰ কাৰণে বিভিন্ন অভিনৱ কাৰ্যসূচী অব্যাহত ৰাখিছে । অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচীত প্ৰত্যেকৰ ঘৰৰ পৰা অলপ অলপ মাটি সংগ্ৰহ কৰি এই মাটি গুৱাহাটীলৈ পঠিওৱাৰ পিচত পুনৰ দিল্লীলৈ লৈ যোৱা হ’ব ৷ দিল্লীত নিৰ্মাণ হ’বলগীয়া স্মৃতি উদ্যানত এই মাটি ব্যৱহাৰ কৰা হ’ব ৷

লগতে পঢ়ক : Amrit Kalash Yatra: সৰুপথাৰৰ ৰতনপুৰত অমৃত কলহ যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.