DYFI Protest in Guwahati : বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে চচলত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ বিশাল প্ৰতিবাদী সমাবেশ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 6:24 PM IST

thumbnail

গুৱাহাটী, 15 ছেপ্টেম্বৰ : স্বচ্ছ নিযুক্তি, নতুন কৰ্ম সংস্থাপন সৃষ্টি আৰু কৰ্ম নিৰাপত্তাৰ দাবীত আৰু বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে চচলৰ ধৰ্ণা স্থলীত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ DYFI ৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী যুৱ সমাবেশ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় সহস্ৰাধিক যুৱক-যুৱতীয়ে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে চাকৰি কেলংকাৰীৰ ন্যায়িক তদন্ত, মেডিকেল ভেৰিফিকেচনৰ নামত দিব্যাংগ প্ৰাৰ্থী সকলক হৰাশাস্তি বন্ধ কৰা, ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰা, কাট অফ নম্বৰ আৰু নম্বৰ সহ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা, নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং সমস্যাৰ অন্ত পেলাবলৈ অগ্ৰাধিকাৰ ভিত্তিত পদ নিৰ্বাচন কৰাৰ সুবিধা প্ৰদান কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবী জনাই চৰকাৰৰ বিৰুদ্ধে এনেদৰে DYFI য়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ এই প্ৰতিবাদী সমাবেশত ভাগ লৈ CPIM ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপি চৰকাৰৰ কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ 

লগতে পঢ়ক : Protest at Baksa : তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতাৰে সুৱনখাটাত ৰাইজৰ ধৰ্ণা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.