Durga Puja 2023: চিলাপথাৰৰ দুই ঐতিহাসিক থানত জনসমুদ্ৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:10 PM IST

thumbnail

জোনাই,২২ অক্টোবৰ: আজি মহাষ্টমী । মহাষ্টমীৰ দিনটোত পুৱাৰে পৰাই চিলাপথাৰৰ দুই ঐতিহাসিক থানত দেখা গ'ল জনসমুদ্ৰ । চিলাসুতি তাম্ৰেশ্বৰী আইথান আৰু ২ নং চিলাগাঁও মা-মালিনী থানত ভক্তৰে ভিৰ দি বাট নোপোৱা অৱস্থা । দেৱী মাৰ তুষ্টিৰ বাবে নৈবেদ্য আগবঢ়াবলৈ হেতা-ওপৰা ভক্তপ্ৰাণ ৰাইজৰ । দুয়োখন থানতে মহাষ্টমী দিনটোত পূৱাৰ পৰাই আৰম্ভ হয় পৰম্পৰা অক্ষুন্ন ৰাখি পশু-পক্ষীৰ বলি বিধান ।  

একেদৰেই তাম্ৰেশ্বৰী আই থানত দেখা গ'ল মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলেক পুৰহিতৰ ৰূপত । ৰাইজে দেৱীমাৰ চৰণত উচৰ্গা কৰিলে হাজাৰ হাজাৰ পশু-পক্ষী । মহানৱমীৰ দিনা তাম্ৰেশ্বৰী আই থানত ৰাইজৰ কুশল-মঙ্গল কামনা কৰি এটা ম'হ বলি দিয়া হ'ব বুলি জানিবপৰা গৈছে । মুঠতে পুৰহিতৰ মন্ত্ৰোচাৰণ আৰু দেৱী দুৰ্গা বন্দনাৰে মুখৰিত হৈ পৰিছে চিলাপথাৰৰ দুই ঐতিহাসিক থানৰ লগতে ৪০ খন পূজা মণ্ডপ ।  

লগতে পঢ়ক: Durga Puja 2023: আজি মহা অষ্টমী; তেজপুৰৰ ভৈৰৱী দেৱালয়ত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.