Durga Puja 2023 : বিশ্বনাথত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে বিশেষভাৱে নিৰ্মাণ কৰা এখন পূজা মণ্ডপে

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 6:14 PM IST

thumbnail

বিশ্বনাথ, 21 অক্টোবৰ : আজি মহাসপ্তমী ৷ শাৰদীয় দুৰ্গা পূজাক লৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ ৷ ইফালে আটক-ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাজ্যৰ পূজা মণ্ডপসমূহ ৷ ন ন আৰ্হিত সজাই তোলা হৈছে পূজা মণ্ডপসমূহ ৷

এই সকলো পূজা মণ্ডপসমূহৰ ভিতৰত ঐতিহ্যমণ্ডিত বিশ্বনাথ চাৰিআলিত দেখা গ’ল এখন ব্যতিক্ৰমী পূজা মণ্ডপ ৷ বিশ্বনাথ চাৰিআলি কালিবাৰী পূজা সমিতিখনে প্ৰতিবছৰে ন-ন আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷  

বিগত বৰ্ষত এই পূজা সমিতিখনে অসমৰ স্বাভিমান গামোচা আৰু জাপি, কুঁহিপাঠৰ আৰ্হিৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ এই বৰ্ষত সমিতিখনে 'মা'ক বিষয় হিচাপে লৈ পূজা মণ্ডপ নিৰ্মাণ কৰি নৱ প্ৰজন্মক পিতৃ-মাতৃৰ প্ৰতি অধিক দায়বদ্ধ কৰি তোলাৰ প্ৰয়াস কৰিছে ৷ 

লগতে পঢ়ক : Durga Puja 2023 : মহাসপ্তমী উপলক্ষে তিনিচুকীয়াৰ পূজা মণ্ডপত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.