Durga Puja 2023: পুৰাণ শ্ৰীপুৰ দেৱালয়ত কিয় বট গছৰ গুৰি ঘাঁহ দি সেৱা লয় ভক্তই ?

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 4:19 PM IST

Updated : Oct 22, 2023, 9:24 PM IST

thumbnail

বাক্সা, 22 অক্টোবৰ : বাক্সাৰ মুছলপুৰৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত দুৰ্গা পূজা উপলক্ষে উখল-মাখল পৰিৱেশ ৷ দেৱালয়ত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপ সমূহত মহাঅষ্টমীৰ দিনটোত দেৱী দুৰ্গাৰ আশিস ল’বলৈ ওলাই অহাৰ সমান্তৰালকৈ বাক্সা জিলাৰ মুছলপুৰৰ পুৰাণ শ্ৰীপুৰ দেৱালয়তো দুৰ্গা পূজাৰ মহাঅষ্টমী উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে, পুৰাণ শ্ৰীপুৰ দেৱালয়লৈ যোৱাৰ পূৰ্বে ভক্তপ্ৰাণ ৰাইজে বট গছ এজোপাৰ গুৰিত ঘাঁহেৰে সেৱা জনায় ৷ জানিব পৰা মতে সেই ঠাইত আগতে এটা ঘোঁৰা আছিল আৰু এই ঘোঁৰাটো কাল ক্ৰমত এদিন নহোৱা হৈ যায় ৷ কিন্তু এই ঘোঁৰাটো ক’ৰ পৰা কেনেকৈ আহিল কোনেও ক’ব নোৱাৰে ৷ সেইদিন ধৰি ইয়াত ৰাইজে দুৰ্গা পূজাৰ সময়ত ঘাঁহ-বনেৰে সেৱা জনোৱা পৰম্পৰাভাৱে চলি আহিছে বুলি ভক্তপ্ৰাণ ৰাইজে মত প্ৰকাশ কৰিছে । ইয়াত ঘাঁহেৰে সেৱা জনালে ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Durga Puja 2023: অসমীয়া চাদৰ-মেখেলাৰে সজালে দেৱী প্ৰতিমা

Last Updated : Oct 22, 2023, 9:24 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.