Drugs Seized at Chabua: 10 লাখ টকাৰ ড্ৰাগছসহ আৰক্ষীয়ে ধৰিলে সৰবৰাহকাৰী

By

Published : Jul 30, 2023, 7:32 AM IST

thumbnail

ডিব্ৰুগড়, 30 জুলাই : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও কমি যোৱা নাই ড্ৰাগছৰ সৰবৰাহ ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে চাবুৱাত শনিবাৰে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হয় ৷ চাবুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বুজন পৰিমাণৰ মৰাত্মক ড্ৰাগছ জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে ৷

জানিব পৰা মতে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখি AS 06 H 2154 নম্বৰৰ এখন চেন্ট্ৰ' বাহনৰ আসনৰ তলত ১৮ পেকেট ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷ এই বাহনখনত ড্ৰাগছ কঢ়িয়াই অনা যুৱক এজনক চাবুৱা আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে চাবুৱা বাইপাচৰ দিনজয় চাৰিআলিৰ সমীপৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰে ৷  

আনহাতে, আন এটা ড্ৰাগছ সৰবৰাহকাৰীক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে ৷ সৰবৰাহকাৰীটোক নম্বৰ প্লেট বিহীন মটৰচাইকেলসহ দিনজয় গাঁৱত আটক কৰা হয় ৷ দুই ঠাইৰ পৰা জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷ দুয়োটা সৰবৰাহকাৰীক তদন্তৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : Operation against Drugs : ড্ৰাগছৰ কৰাল গ্ৰাসত ধুবুৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.