গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকা মূল্যৰ হেৰ'ইন জব্দ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:27 PM IST

thumbnail

গোলাঘাট, 10 জানুৱাৰী: গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকাৰ হেৰ'ইন জব্দ । এক পোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় হেৰ’ইনখিনি ৷

জিলাখনৰ সৰুপথাৰ, জামুগুৰি আৰু বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এটা দলে জামুগুৰি তিনিআলিত ডিমাপুৰ দিশৰ পৰা আহি থকা AS05 J 4519 নম্বৰৰ টাটা জেষ্ট বাহনখনৰ পৰা হেৰ’ইনখিনি জব্দ কৰে । হেৰ’নখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে নাজিম শ্বেখ নামৰ সোণাৰিৰ এজন যুৱকক ।

মুঠ ৫৭ টা চাবোনৰ বাকচৰ প্ৰতিটোতে প্ৰায় ৬.২০ গ্ৰামকৈ গাড়ীৰ পাছফালৰ লাইটৰ ভিতৰত বিশেষ কায়দাৰে লুকুৱাই আনিছিল হেৰ’ইনখিনি ৷ আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্ৰায় 3 কোটি টকা ৷  উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিচৰে পৰা সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো আৰক্ষীয়ে তীব্ৰতৰ কৰিছে ড্ৰাগছবিৰোধী অভিযান ।

লগতে পঢ়ক: চাচনীত ড্ৰাগছ বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.