Drugs Peddler Detained: 19 টা চাধাৰ টেমাত 135 গ্ৰাম ড্ৰাগছসহ ধৰা পৰিল কুলচুমা বেগম

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:53 PM IST

thumbnail

ডিফু, 9 অক্টোবৰ : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত আৰক্ষীৰ অভিযান ৷ গোপন সূত্ৰৰ পম খদি খটখটীৰ কালিৰাম বস্তিত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে হেৰ'ইন ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ ব্ৰহ্মৰ নেতৃত্বত খটখটী থানাৰ উপ-পৰিদৰ্শক স্বমধন স্বৰ্গীয়াৰী আৰু দীপক লাহন, চি আৰ পি এফৰ 20 বেটেলিয়ান আৰু থানা ষ্টাফৰ সহযোগত চলিছিল এই অভিযান ৷

কালিৰাম বস্তিৰ এঘৰত অভিযান চলাই লুকুৱাই ৰখা অৱস্থাত 19 টা চাধা টেমাৰ ভিতৰত 135.02 গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ হেৰ'ইনখিনিৰ সৈতে জড়িত হোজাই জিলাৰ লংকা নিৱাসী কুলচুমা বেগমক আৰক্ষীয়ে আটক কৰে ৷ ইফালে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে কুলচুমা বেগমক ৷ এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Burmese Supari seized:ডিফু ৰে’ল ষ্টেছনত অবৈধ বাৰ্মিজ চুপাৰিসহ এটা সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.