বঙাইগাঁৱৰ গৰৈমাৰীত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:33 PM IST

thumbnail

বঙাইগাঁও, 2 ডিচেম্বৰ : ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো বন্ধ হোৱা নাই ড্ৰাগছৰ বেহা । সময়ে সময়ে ন ন তথ্য পোহৰলৈ আহিয়ে আছে ৷ ড্ৰাগছ সৰবহকাৰীয়ে চলায়ে আছে এই কাৰবাৰ ।

এছামে সহজভাৱে ধন ঘটাৰ অৱলম্বন হিচাপে নামি পৰিছে এই মাৰাত্মক কাৰ্যত । আৰক্ষীও পিছে ৰৈ থকা নাই । বিভিন্ন কূটকৌশল ৰচনা কৰি ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিয়ে আছে । তেনে এটা ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাত ৷ শনিবাৰে দুপৰীয়া ২ মান বজাত বঙাইগাঁও জিলাৰ গৰৈমাৰীত আমছুৰ সদস্যই চলালে ড্ৰাগছ বিৰোধী অভিযান ।

গৰৈমাৰীৰ মণ্ডলপাৰাত গৰৈমাৰী আঞ্চলিক আমছুৰ নেতৃবৃন্দ আৰু স্থানীয় ৰাইজে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি গতাই দিলে গেৰুকাবাৰী আৰক্ষীক । ধৃত সৰবৰাহকাৰীটো গৰৈমাৰীৰ ৰবিউল ইছলাম (২০) বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীটোৰ পৰা এটা মোবাইল আৰু ড্ৰাগছ ভৰ্তি ২ টা কন্টেইনাৰ জব্দ কৰিবলৈ‌ সক্ষম হয় আৰক্ষী ।

লগতে পঢ়ক : চুঙাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.