চুঙাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 3:09 PM IST

thumbnail

সৰুপথাৰ, ২ ডিচেম্বৰ: অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাইছে অভিযান ৷ নিতৌ ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষীয়ে যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন-ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে ড্ৰাগছে ছানি ধৰিছে ধনশিৰি মহকুমা ।

ইয়াৰ মাজতেই ধনশিৰি মহকুমা চুঙাজান ৰে'লৱে ষ্টেচনৰ সমীপত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ আৰক্ষী চুঙাজানত ৯০টা চাবোনৰ বাকচত জব্দ কৰে ১.১৬ কিলোগ্ৰাম ড্ৰাগছ । এটা কাৰ্টনত ৯০ টা চাবোনৰ বাকচত ভৰাই নিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ।  

ডিমাপুৰৰ পৰা ৰে'লৰে আনি চুঙাজানত নমাওতেই গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষীৰ নেতৃত্বত ধনশিৰি মহকুমা আৰক্ষী বিষয়া আৰু চুঙাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নাওজান আৰক্ষীৰ সহযোগত জব্দ কৰে ড্ৰাগছখিনি ৷ আটক হোৱা লোকজনৰ নাম আমিন আলী । ধৃত লোকজনৰ ঘৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ ৰজাপুখুৰীত ৷ 

লগতে পঢ়ক:হাৱালা চক্ৰৰ ধন আত্মসাতৰ অপৰাধত পুনৰ এজন আৰক্ষীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.