নাহৰকটীয়াৰ চাচনীত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 10:12 AM IST

thumbnail

ডিব্ৰুগড়, 6 ডিচেম্বৰ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ ডিব্ৰুগড় আৰক্ষী যদিও কঠোৰ হৈছে তথাপিও জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ চলিয়েই আছে ৷ ডিব্ৰুগড়ৰ প্ৰতিটো প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকা মাজতে নাহৰকটীয়াৰ চাচনীত ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে ৷ 

শুকুৰবাৰে নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাণা কুমাৰ নাথ আৰু উপ-পৰিদৰ্শক কিশোৰ বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত চাচনী গজপুৰীয়াৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজন চাচনী হালোৱা গাঁৱৰ পৱন গগৈ(৩০) বুলি জানিব পৰা গৈছে ৷ অভিযানকালত আৰক্ষীয়ে যুৱকজনৰ পৰা এটা চাধাৰ টেমাত ভৰাই ৰখা 45 গ্ৰাম হে’ৰইন আৰু এটা মবাইল জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.