Drugs in Assam: ৰঙিয়াত দহ লক্ষাধিক টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই

By

Published : Jul 25, 2023, 1:34 PM IST

thumbnail

ৰঙিয়া, ২৫ জুলাই: ৰঙিয়াৰ তৰণীত দহ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ হেৰ'ইনসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । সোমবাৰে নিশা আৰক্ষীয়ে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তৰণীত হেৰ'ইনসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কিন্তু আৰক্ষীৰ উমান পাই বাইক লৈ পলায়ন কৰে আন দুটা ড্ৰাগছ সৰবৰাহকাৰী ।  

সোমবাৰে নিশা ৰঙিয়াৰ সমীপৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তৰণীৰ ৰাস মন্দিৰৰ সমীপত ৰঙিয়া আৰক্ষী আৰু তুলসীবাৰী আৰক্ষীয়ে যুটীয়া অভিযান চলাই নাগ্ৰীজুলি অভিমুখী AS 25 R 6575 নম্বৰৰ বাইকত তালাচী চলাই দুই বাইক আৰোহীৰ পৰা জব্দ কৰে ১৩ গ্ৰাম নিষিদ্ধ হেৰ'ইন । লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাগ্ৰীজুলিৰ দয়খংচা বসুমতাৰী আৰু বাব্লু বড়ো । আৰক্ষীয়ে লগতে কন্টেইনাৰ ভৰ্তি এটা টোপোলা, এটা চিৰিঞ্জ, এটা চাবোনৰ বাকচ আৰু দুটা মোবাইল ফোন জব্দ কৰে ।  

ধৃত দুই হেৰ'ইন সৰবৰাহকাৰীয়ে এটা ক’লা ৰঙৰ পলিথিনত মেৰিয়াই আনিছিল নিষিদ্ধ হেৰ'ইনসহ আপত্তিজনক সামগ্ৰীখিনি । ইফালে,আৰক্ষীৰ অভিযানৰ উমান পাই আন দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে বাইকসহ পলায়ন কৰে তামুলপুৰ অভিমুখে । বৰ্তমান আৰক্ষীয়ে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.