Crime in Sivasagar:গেলেকী আৰক্ষী থানাৰ সমীপতেই ড্ৰাগছসহ গ্ৰেপ্তাৰ যুৱক

By

Published : Feb 21, 2023, 9:33 AM IST

thumbnail

আমগুৰি, ২১ ফেব্ৰুৱাৰী:ৰাজ্য়ৰ বিভিন্ন ঠাইত আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বিশেষকৈ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে (Assam police against drugs) ৷ পূৰ্বৰ তুলনাত এতিয়া আৰক্ষীয়ে ৰাজ্য়ৰ প্ৰতিখন জিলাতেই তীব্ৰতৰ কৰিছে এই অভিযান । নিতৌ ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছৰ সৈতে জড়িত অপৰাধীকো (Drugs Smuggling in Assam) ৷ অৱশ্য়ে আৰক্ষী যিমানেই অপৰাধীক গ্ৰেপ্তাৰ  কৰিছে, সিমানেই নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ এনে অভিযানৰ মাজতেই গেলেকীত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী ।

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী আৰক্ষী থানাৰ সমীপত আৰক্ষীয়ে ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Drugs dealer arrested in Galeki)। গেলেকী আৰক্ষী থানাৰ সমীপতে এখন ASO4-Z-8988 নম্বৰৰ স্কুটীসহ  স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ইনামূল হুছেইন নামৰ যুৱকজনক (Galeki Police Station)। ইনামূল হুছেইনৰ লগত ড্ৰাগছ থকাৰ সন্দেহ কৰি লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পিছতেই গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কোঁৱৰ ঘটনাস্থলীত উপস্থিত হৈ ইনামূল হুছেইন নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ধৃত ইনামূল হুছেইনৰ পৰা 2.43 গ্ৰাম ব্ৰাউন ছুগাৰ, দুটা চাদাৰ টেমা, দুটা খালী কন্টেইনাৰ, এটা ম'বাইল ফোনৰ লগতে নগদ ধন জব্দ কৰে । আৰক্ষীয়ে  ASO4-Z-8988 নম্বৰৰ স্কুটীখনো জব্দ কৰে (Drugs seized in Galeki) ।

ইতিমধ্যে গেলেকী আৰক্ষীয়ে সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰা লগতে জেৰা অব্যাহত ৰাখিছে । এই ড্ৰাগছ সৰবৰাহ চক্ৰটোৰ লগত বহুকেইজন যুৱক জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী অঞ্চলত দীৰ্ঘদিনৰ পৰা অবাধে চলি আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ (Drugs smuggling in Assam Nagaland border at Sivasagar)। দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ অবাধ সৰবৰাহে সামাজিক বাতাবৰণ বিনষ্ট কৰি আহিছে ।

লগতে পঢ়ক:Ministry of Home Affairs : জাৰ্মানীত শিশু সুৰক্ষাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আৰক্ষী প্ৰশিক্ষণৰ বাবে আবেদনৰ আহ্বান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.