Drugs seized in Assam:অমৰপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 2:27 PM IST

thumbnail

জোনাই, ৪ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শদিয়া মহকুমাৰ অন্তৰ্গত নদীদ্বীপ অমৰপুৰত TMPK,MMKৰ উদ্যোগত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে মঙলবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ TMPK আৰু MMKৰ শদিয়া জিলা সমিতিৰ উদ্যোগত আৰু অমৰপুৰ, চিলিং আৰু দিবাং আঞ্চলিক সমিতিৰ সহযোগত অমৰপুৰৰ চিলিং হালমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰী ৷ আটকাধীন তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে কেঃবা গাঁৱৰ ৰাজীৱ মিলি, ২ নং কেঃবা গাঁৱৰ পৱিত্ৰ পেগু আৰু গাদুম গাঁৱৰ পৰমা টায়ে ৷

ধৃত তিনি যুৱকৰ পৰা ড্ৰাগছৰ লগতে এখন স্কুটি,এখন বাইক,মবাইল দুটা আৰু নগদ ধনো উদ্ধাৰ কৰা হয় ৷ TMPK আৰু MMKৰ নেতাই জব্দ কৰা ড্ৰাগছৰ মূল্য প্ৰায় দুই লাখ টকাৰ হ'ব ৷ ইফালে, ড্ৰাগছসহ তিনি সৰবৰাহকাৰী, স্কুটি,বাইক আৰু নগদ ধন TMPK আৰু MMKৰ নেতাসকলে অমৰপুৰত থকা আৰক্ষী কেম্পত গতাই দিয়াৰ পিছতে শদিয়া আৰক্ষী থানালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Congress protest: প্ৰতিবাদৰ মাজতে আৰক্ষীৰে হতাহতি কংগ্ৰেছ কৰ্মীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.