Drugs seized in Tinsukia: বৰডুমচাত ড্ৰাগছসহ আটক তিনি ড্ৰাগছ বেপাৰী

By

Published : Dec 22, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ তিনিচুকীয়াতো অব্যাহত আছে আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল প্ৰদেশৰ সীমান্তত নগদধন আৰু ড্ৰাগছসহ আটক হৈছে তিনি ড্ৰাগছ মাফিয়া (Drugs seized in Tinsukia) ৷ এক গোপন সূত্ৰৰ পমখেদি মাৰ্ঘেৰিটা আৰক্ষী বিষয়া হেমন্ত বড়ো আৰু বৰডুমচা আৰক্ষী বিষয়া নিতু চাংমাইয়ে অৰুণাচল আৰক্ষীৰ সহযোগত চলাইছিল এক অভিযান (Drug peddlers arrested in Tinsukia) ৷ অভিযানকালত ড্ৰাগছসহ হাতে-লোতে আটক কৰে তিনি ড্ৰাগছ মাফিয়াক ৷ আটকাধীন ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে বৰডুমচাৰ গৌতম নকজা, জাগুন গাম চিংফৌ আৰু বিজয় প্ৰসাদ । ধৃত তিনি ড্ৰাগছ মাফিয়াৰ পৰা নগদ ১ লাখ ৪০ হাজাৰ টকা আৰু ২ পেকেট ড্ৰাগছৰ উপৰিও ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰে । জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২৩ গ্ৰাম । আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছ ধৃত ড্ৰাগছ মাফিয়াক ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.