Drug peddler escaped: প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ চলেৰে থানাৰ পৰা পলায়ন অভিযুক্ত সৰবৰাহকাৰীৰ

By

Published : May 25, 2023, 4:11 PM IST

thumbnail

মৰাণ, 25 মে’:  ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ পৰা পলায়ন ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অপৰাধীৰ (Drug peddler escaped) ৷ যোৱা 24 মে’ত লাহোৱাল আৰক্ষীয়ে নাদুৱা চাইডিঙ বাইপাছৰ পৰা আটক কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী জোন সোণোৱালক  ৷ আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা নগদ 5,300 টকা, মোবাইল হেণ্ডছেট, হেৰ'ইন জব্দ কৰিছিল ৷ ইয়াৰ পিচতে অধিক সোধা-পোছাৰ বাবে লাহোৱাল আৰক্ষী থানাত ৰখা হৈছিল জোনক (peddler escaped from Lahowal police station) ৷  

কিন্তু আজি অৰ্থাৎ 25 মে’ত  লাহোৱাল আৰক্ষী থানাৰ পৰা দিনৰ 11 বজাত অভিযুক্ত জোনে প্ৰস্ৰাৱ কৰিবলৈ বুলি গৈ পলায়ন কৰে ৷ জোন পলোৱাৰ পিচতে হুৱা-দুৱা লাগে আৰক্ষী চকীত ৷ সম্প্ৰতি পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰীটোক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Attempt to murder case: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে পো বোৱাৰীৰ অত্যাচাৰত আহত বৃদ্ধাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.