Drinking Water issue: স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত জুৰিৰ অপৰিস্কাৰ পানীৰে পিয়াহ পলুৱাইছে জনতাই

By

Published : May 1, 2023, 6:22 PM IST

thumbnail

কলিয়াবৰ, ১ মে': বিশুদ্ধ খোৱা পানীৰ লগতে পথ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিতে ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আজিও এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত পাহাৰৰ জুৰিৰ পানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে । কিছুমানে আকৌ বহু দূৰলৈ গৈ সংগ্ৰহ কৰিবলগীয়া হৈছে পানী (Drinking water issue in Assam)।

কলিয়াবৰৰ বামুণীৰ, শান্তিপূৰ গাঁৱৰ ৰাইজে পাহাৰৰ জুৰিৰ পানীৰে এতিয়া তৃষ্ণা নিবাৰণ কৰিছে (Lack of Drinking Water Facilities at Kaliabor)। বিকশিত অসমৰ এখন পুতৌ লগা ছবি কলিয়াবৰৰ । স্বাধীনতাৰ ৭ টা দশকৰ পিচতো জুৰিৰ পানী সেৱন কৰিব লগা হৈছে কলিয়াবৰৰ বামুণীৰ শান্তিপুৰবাসীয়ে । ফলত পাহাৰৰ জুৰিৰ অপৰিস্কাৰ পানীকে সেৱন কৰিবলগা হৈছে গাঁওবাসীয়ে । 

উল্লেখ্য যে, অঞ্চলটোত জল জীৱন মিছনৰ দ্বাৰা লাভ কৰা টেপ আছে যদিও সেই টেপৰ পৰা পানী লাভ কৰা নাই জনসাধাৰণে । ফলত এতিয়া জুৰিৰ লেতেৰা পানীকে সেৱন কৰিবলগা হৈছে শান্তিপুৰৰ সহস্ৰাধিক লোকে ।

লগতে পঢ়ক: Drinking Water issue : এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কলিয়াবৰবাসীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.