ধেমাজিত নতুনকৈ ১১২০০০ ৰেচন কাৰ্ডৰ হিতাধিকাৰী

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:31 PM IST

thumbnail

ধেমাজি,১৬ জানুৱাৰী : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ধেমাজি জিলাত নতুন হিতাধিকাৰী মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত পহিলা মাঘৰ দিনটোত ধেমাজি কাছাৰী ময়দানত ৭৮নং ধেমাজি বিধান সভা সমষ্টিৰ বাবে নতুন ৰেচন কাৰ্ড বিতৰনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ৷  

প্ৰায় ১১২০০০ নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰি নতুন হিতাধিকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী পেগুৱে ৷ ইপিনে প্ৰচণ্ড শীতকো নেওচি সহস্ৰাধিক লোক ধেমাজি কাছাৰী ময়দানত পুৱাই সমবেত হৈ ৰেচন কাৰ্ড সংগ্ৰহ কৰে ৷ উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত অংকুৰ ভৰালী, ধেমাজি পৌৰ সভাৰ পৌৰপতিকে আদি কৰি কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে ৷ 

লগতে পঢ়ক: মাজুলীৰ দিব্যাংগ যুৱকৰ বাবে ইউটিবাৰে সাজি দিলে দোকান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.