মাজুলীৰ দিব্যাংগ যুৱকৰ বাবে ইউটিবাৰে সাজি দিলে দোকান
unique act of youtuber: ভোগালী বিহু দিনাই মাজুলীৰ এজন দিৱ্যাংগ যুৱকৰ মুখত হাঁহি বিৰিঙালে এজন ইউটিবাৰে । অসহায় যুৱকজনক দিলে এটি ঠিকনা ।

Published : January 16, 2024 at 1:53 PM IST
মাজুলী, ১৬ জানুৱাৰী: অসমৰ এজন ইউটিবাৰৰ প্ৰশংসনীয় পদক্ষেপ । মাজুলীৰ এজন বিশেষভাৱে সক্ষম যুৱকক সহায়ৰ হাত আগবঢ়ালে ইউটিবাৰ মিষ্টাৰ বিতুৱে । মাজুলীৰ খলিহামাৰী গাঁৱৰ এজন দিব্যাংগ যুৱক হৈছে মোহন নগৰীয়া । জন্মৰ কিছু দিনৰ পিছতেই হৈছিল মাতৃহাৰা । বহু দুখ-কষ্টৰ মাজৰে দিন অতিবাহিত কৰিব লগা হৈছিল মোহনে । সৰু পৰাই দেখা পাইছিল দৰিদ্ৰতাৰ অভিশাপ কিমান ভয়াৱহ হ'ব পাৰে । দৰিদ্ৰ জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈ মোহনে আৰম্ভ কৰিলে শাক পাচলিৰ ব্যৱসায় ।
চৰকাৰে প্ৰদান কৰা এখন চাইকেলত দৈন্দনিন জীৱৰ প্ৰয়োজনীয় কিছু পাচলি বিক্ৰীৰ বাবে ওলাইছিল চুবুৰীয়া গাঁও সমূহলৈ । ইয়াৰ মাজতে দিৱ্যাংগ মোহনে এখন হুইল চাইকেলত পাচলি বিক্ৰী কৰা চকূত পৰে মাজুলীৰ এজন সচেতন যুৱকৰ। মাজুলীৰ হেমন্ত নামৰ যুৱকজনে মোহনৰ দুখৰ কাহিনী কৈছিল ইউটিবাৰ মিষ্টাৰ বিতুক। মিষ্টাৰ বিতুৱে প্ৰতিশ্ৰুতি দিছিল মোহনক সহায় কৰাৰ। বিতুৱে গোলাঘাটৰ পৰা আহি মাজুলীৰ মোহন ঘৰত উপস্থিত হৈ ব্যৱসায় চলাই নিব পৰাকৈ এখন দোকান সাজি দিলে । দোকানত বিক্ৰীৰ বাবে কিছু সামগ্ৰী আনিলে ।
মোহনে যাতে আনৰ ঘৰে ঘৰে গৈ পাচলি বিক্ৰী কৰিব নালাগে তাৰ বাবে সহায় হাত আগবঢ়ালে। বিহু দিনাৰ পৰা মোহনৰ নিজাকৈ হ'ল এখন দোকান । ইউটিবাৰ বিতুৱে নিজৰ পকেটৰ পইচাৰে সাজি দিয়া দোকানখন নিজেই ফিতা কাটি মুকলি কৰিলে । প্ৰথম মোহনৰ দোকানৰ পৰা বিতুৱেই কিনিলে বস্তু । মোহনৰ মুখত দেখা গৈছে সুখৰ হাঁহি । কিয়নো এতিয়াৰে পৰা মোহন হৈ পৰিল এখন দোকানৰ মালিক। এইদৰে দোকান খুলি দি সহায় কৰাৰ বাবে বিতুক ধন্যবাদ জনালে মোহনে । ইফালে, দিব্যাংগ যুৱক মোহনক সহায় কৰা বাবে বিতুক সলাগ লয় মোহনৰ গাঁওবাসীয়ে । মোহনক সহায় কৰিবলৈ সুজোগ লাভ কৰাত বিতু আজি আনন্দিত ।
লগতে পঢ়ক:ভোগালী বিহুৰ দিনাই গোনা ম’হৰ তয়াময়া যুঁজত কঁপিল গোমোঠাগাঁৱৰ পথাৰ

