আলি-আয়ে-লৃগাঙৰ বন্ধক লৈ মিচিং সংগঠনৰ মাজতে উলম্ব বিভাজন

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:18 PM IST

thumbnail

গুৱাহাটী, ২৫ নৱেম্বৰ : মিচিং জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ বন্ধক লৈ মিচিং সংগঠনৰ মাজত আৰম্ভ হৈছে উলম্ব বিভাজন । ৰাজ্য চৰকাৰে ১০ খন জিলাত আলি-আয়ে-লৃগাঙৰ বন্ধ ঘোষণা কৰাৰ পাচতেই সমগ্ৰ ৰাজ্য বন্ধ ঘোষণাৰ দাবীৰে গুৱাহাটীৰ চচলত এটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । শুকুৰবাৰে চচলৰ ধৰ্নাস্থলীত বহা দুটাকৈ মিচিং সংগঠন TMPK, TMMK আৰু মিচিং সচেতন ৰাইজৰ মাজত আলি আয়ে লৃগাঙৰ বন্ধক লৈ সৃষ্টি হয় কাজিয়াৰ । উল্লখ্য যে, মিচিংসকলৰ আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মিচিং সচেতন ৰাইজৰ উদ্যোগত আহিছিল বিভিন্ন জনগোষ্ঠীৰ লোক ।

কিন্তু মিচিং সচেতন ৰাইজৰ সেই প্ৰতিবাদত বাধা প্ৰদান কৰে TMPK, TMMK সংগঠনৰ নেতৃবৃন্দই । আলি আয়ে লৃগাঙৰ বন্ধক লৈ কৰা প্ৰতিবাদ আৰু বন্ধৰ দাবীক লৈ দুয়োটা সংগঠনৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে প্ৰতিবাদস্থলীৰ পৰা আঁতৰি যায় মিচিং সচেতন ৰাইজ ।

লগতে পঢ়ক : মিচিং ৰাইজৰ প্ৰতিবাদী কণ্ঠৰে উত্তপ্ত গড়মূৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.