Inter-District Yoga competition: আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত উজলিল ধেমাজিৰ 11 খেলুৱৈ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 2:19 PM IST

thumbnail

ধেমাজি,30 আগষ্ট : ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিলে 11 গৰাকী খেলুৱৈ ৷ কোকৰাঝাত অনুষ্ঠিত আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত ধেমাজিৰ 11 গৰাকী খেলুৱৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ যোৱা 25 আগষ্ট পৰা 27 আগষ্টলৈকে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই কোকৰাঝাৰত অনুষ্ঠিত কৰিছিল আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত ধেমাজি জিলাৰ পৰা 31 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল ৷ 31 গৰাকী খেলুৱৈৰ ভিতৰত 11 গৰাকী খেলুৱৈয়ে বিভিন্ন শাখাত 17 টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয় ৷  

11 গৰাকী খেলুৱৈ পদক লাভৰ পাচতে  উৎফুল্লিত  হৈ পৰিছে ধেমাজিৰ ক্ৰীড়াপ্ৰেমী ৷ এই সন্দৰ্ভত  ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক পুলেন দাসে কয়, ‘‘সকলো খেলুৱৈকে অভিনন্দ জনাইছো ৷ পদক লাভ কৰা খেলুৱৈ সকল হ’ল ৰাণী সোণোৱাল, ৰিম্পী গগৈ, ৰিংকু শইকীয়া, দিবি সোণোৱাল, ৰিম্পী দাস পাইত, ঋৰ্ণা সোণোৱাল, দৃষ্টিপ্ৰিয়া দাস, ৰেইনা সোণোৱাল, কৰিশ্মা সোণোৱাল, তৃষ্ণা সোণোৱাল আৰু শিৱম ৷ আগন্তুক দিনত যাতে জিলাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে আমি আশা কৰিম ৷ ’’

লগতে পঢ়ক:Boat Accident: দিবাং নদীত ভয়ংকৰ নাও দুৰ্ঘটনা, প্ৰায় ৪০ জন যাত্ৰীক উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.