DGP GP Singh: হাইলাকান্দিত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য জি পি সিঙৰ

By

Published : Jul 25, 2023, 8:59 PM IST

thumbnail

হাইলাকান্দি, 25 জুলাই : হাইলাকান্দি ভ্ৰমণত ব্যস্ত হৈ আছে অসম আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং । আৰক্ষী অধীক্ষক গৰাকীৰ উপস্থিতিত হাইলাকান্দি আৰক্ষীয়ে এটা গাৰ্ড অৱ অনাৰৰ ব্যৱস্থা কৰে ।

জিলাখনৰ আইন-শৃংখলা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । সভাত এছ পি লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, আৰক্ষী থানাৰ অ’ চিকে ধৰি অন্যান্য আৰক্ষী বিষয়াসকল উপস্থিত থাকে ।

বৈঠকত অবৈধ ড্ৰাগছ সৰবৰাহ, অবৈধ বাৰ্মিজ বেটেল বাদাম সৰবৰাহৰ লগতে অন্যান্য আইন-শৃংখলা বিষয়ক আলোচনা কৰা হয় । আঁহতগুৰি গাঁৱত গৰু চোৰ কৰাৰ সন্দৰ্ভত জি পি সিঙে মত প্ৰকাশ কৰে ৷ দোষীয়ে উপযুক্ত শাস্তি পাব বুলি উল্লেখ কৰি ইতিমধ্যেই গণ প্ৰহাৰ কৰা লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ গোলাঘাটৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভতো মন্তব্য কৰে তেওঁ ৷  ঘটনাৰ অনুসন্ধান কৰিবলৈ ইতিমধ্যেই চি আই ডি আৰু ফৰেনচিক দল গোলাঘাটলৈ গৈছে বুলি সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধানজনে ৷

লগতে পঢ়ক : Extortion in Upper Assam: অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ আলফা স্বাধীনৰ শেষ সকীয়নি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.