Assam govt MOITRI Scheme: অভয়াপুৰী থানাৰ নৱ-নিৰ্মিত ভৱন উদ্বোধন ভাস্কৰজ্যোতি মহন্তৰ

By

Published : Jan 27, 2023, 7:38 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বঙাইগাঁও, 27 জানুৱাৰী: শুকুৰবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱন উদ্বোধন(Inauguration of Abhayapuri Police station)  বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ(DGP Bhaskar Jyoti Mahanta) ৷ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ লগতে অনুষ্ঠানত উপস্থিত থাকে পশ্চিম অসমৰ আৰক্ষী মহা পৰিদৰ্শক  দিলীপ কুমাৰ দে', বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক, উপ-আৰক্ষী অধীক্ষক লুনা সোণোৱালকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু গাঁওৰক্ষী বাহিনীৰ সদস্য ৷  

উল্লেখ্য যে, অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ(Assam govt MOITRI Scheme) অধীনত ৰাজ্যত থানাসমূহ অত্যাধুনিকভাৱে নিৰ্মাণ কৰি তোলা হৈছে ৷ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, ৰাইজ আৰু আৰক্ষীৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তোলা অসম আৰক্ষীৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য ৷ ইতিমধ্যেই মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্যৰ বহু থানা মুকলি কৰাৰ লগতে বহু থানাৰ নিৰ্মাণকাৰ্য অব্যাহত আছে(Mission of Overall Improvement of Thana for Representative Image) ৷  

শুকুৰবাৰে গোৱালপাৰাতো আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উদ্বোধন কৰে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা গোৱালপাৰা সদৰ আৰক্ষী থানা ৷ ইয়াৰোপৰি, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰে গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানা, বৰপেটা জিলাৰ হাউলি আৰক্ষী থানা আৰু কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানা ৷ 

বৰ্তমানলৈকে ৰাজ্যত মৈত্ৰী আঁচনিৰ অধীনত 85খনকৈ থানা সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হৈছে ৷  প্ৰায় 2কোটি ব্যয় সাপেক্ষে প্ৰতিখন আৰক্ষী থানা সুন্দৰকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ অসমৰ প্ৰতিখন থানা মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ’ব বুলিও সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে(Thana construction under MOITRI Scheme) ৷ 

লগতে পঢ়ক: Assam Govt Moitri Project : নৱনিৰ্মিত গোৱালপাৰা থানা উদ্বোধন আৰক্ষী সঞ্চালক প্ৰধান মহন্তৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.