বছা-ভৰলোৱা গাঁৱত শোকাকুল পৰিৱেশ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 4:49 PM IST

thumbnail

গোলাঘাট, 3 জানুৱাৰী : পুৱাই গোলাঘাট জিলাৰ দেৰগাঁও বালিজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত বৰ্তমানলৈকে শিশুসহ 13 জন লোকৰ মৃত্যু হৈছে । আহত হৈছে ভালেসংখ্যক লোক । গোলাঘাটৰ জিলা আয়ুক্ত পি উদয় প্ৰবীণে সাংবাদিকক জানিবলৈ দিয়া মতে, ইতিমধ্যে জিলা প্ৰশাসনৰ এটা দল বছা-ভৰলোৱা গাঁৱত উপস্থিত হৈ সমগ্ৰ দিশ তদাৰক কৰি আছে ।

ইফালে দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালৰ মৃতদেহ গোলাঘাট বছা-ভৰলোৱা গাঁৱত উপস্থিত হোৱাৰ লগে-লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত । প্ৰতিঘৰ লোকৰ ঘৰত কেৱল কান্দোনৰ ৰোল । এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বছা-ভৰলোৱা গাঁৱত । দুৰ্ঘটনাত মৃত্যু হোৱা দীপালী শইকীয়া আৰু তেওঁৰ পুত্ৰ শুভাংকৰ শইকীয়াৰ মৃতদেহ আহি চোতাল পোৱাৰ লগে লগে এনেদৰে কান্দোনত ভাগি পৰিছে আত্মীয় । একেটা পৰিয়ালৰে ছজন লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.