Daily Bazaar in Dergaon: ভালুকৰ সাঙীত পৰিণত দেৰগাঁৱৰ দৈনিক বজাৰ

By

Published : Dec 20, 2022, 8:37 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ভালুকৰ সাঙীত পৰিণত হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ দৈনিক বজাৰ (Daily Bazaar in Dergaon) । চৰকাৰে লক্ষ লক্ষ টকা খৰচ কৰি নিৰ্মাণ কৰি দিয়া বজাৰগৃহসমূহ এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে । কিছু বছৰ পূৰ্বে ক্ৰেতা-বিক্ৰেতাৰ ভিৰে জীপাল হৈ আছিল বজাৰখন । দেৰগাঁৱৰ ৰাইজৰ দৈনন্দিন প্ৰয়োজন হোৱা সকলো ধৰণৰ সামগ্ৰী উপলব্ধ হৈছিল বজাৰখনত । কিন্তু লকডাউনৰ পাছৰে পৰা পৰিত্যক্ত অৱস্থালৈ গতি কৰিলে বজাৰখনে ৷ বজাৰখনলৈ নাযায় কোনো ব্যৱসায়ী । দেৰগাঁও পৌৰসভাৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ দেৰগাঁও নগৰৰ যিকোনো স্থানতে পদপথৰ কাষে কাষে ব্যৱসায় চলায় গৈছে একাংশ ব্যৱসায়ীয়ে (Dergaon Daily Bazaar is empty after Lockdown) । ফলত সমগ্ৰ নগৰখনতে সৃষ্টি হৈছে এক বিশৃংখল পৰিৱেশৰ । ঠায়ে ঠায়ে সৃষ্টি হৈছে তীব্ৰ যান জঁটৰো । এতিয়া বজাৰখনক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । ৰাইজৰ দাবী অতি শীঘ্ৰেই পৌৰসভাই বিহীত ব্যৱস্থা গ্ৰহণ কৰি জীয়াই তোলক বজাৰখন । প্ৰয়োজন সাপেক্ষে কঠোৰ পদক্ষেপ হাতত লৈ হ’লেও পদপথৰ ব্যৱসায়ীসকলক বজাৰখনৰ ভিতৰলৈ সুমুৱাৰ ব্যৱস্থা কৰি ব্যৱসায়ী-গ্ৰাহক সকলোৰে বাবে এক শৃংখলাবদ্ধ পৰিৱেশ গঢ়ি তোলাৰ বাবে দেৰগাঁও পৌৰসভাক আহ্বান জনালে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.