Dengue and Japanese Encephalitis: বানৰ পাছত নলবাৰীত ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ আতংক

By

Published : Jul 15, 2023, 1:46 PM IST

thumbnail

নলবাৰী, 15 জুলাই: বানৰ পাছতেই নলবাৰীত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ বানে জিলাখনৰ ভিন্ন প্ৰান্তত তাণ্ডৱ চলাইছিল ৷ এতিয়া বান শুকুৱাৰ পিছতেই জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুত আক্ৰান্ত হৈছে জিলাখনৰ ভিন্ন প্ৰান্তৰ দহগৰাকীকৈ ব্যক্তি ৷

বিগত এমাহত জিলাখনত জাপানীজ এনকেফেলাইটিছত 3 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ডেংগুত আক্ৰান্ত হৈছে 7 জন লোক ৷ জিলা স্বাস্থ্য বিষয়াই ব্যক্ত কৰা অনুসৰি ইতিমধ্যে কেইবাজনো লোক জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ নলবাৰী জিলাৰ মুকালমুৱা, টিহু, চান্দকুছি, ঘগ্ৰাপাৰ, ৰঙাফালী, ডিৰুৱা, সূতাৰকুছি, মাখিবাহা আদি অঞ্চলৰ কেইবাজনো লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুত ৷  

জিলাখনৰ কেইবাখনো চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগী সকল চিকিৎসাধীন হৈ আছে ৷ সম্প্ৰতি নলবাৰী জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা লোৱা হৈছে কেতবোৰ সজাগতামূলক কাৰ্যসূচী ৷ লগতে ৰাইজকো ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা পাবলৈ সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায় জিলা স্বাস্থ্য বিষয়াই ৷ 

লগতে পঢ়ক: Flood at Jonai : জোনাইৰ শ শ পৰিয়াল বানৰ কৱলত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.