ETV Bharat / state

Flood at Jonai : জোনাইৰ শ শ পৰিয়াল বানৰ কৱলত

author img

By

Published : Jul 15, 2023, 7:22 AM IST

Updated : Jul 15, 2023, 8:18 AM IST

Assam flood news
জোনাইৰ শ শ পৰিয়াল বানৰ কৱলত

জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহৎ জামুগুৰি অঞ্চলৰ প্ৰায় শ শ পৰিয়াল বানৰ কৱলত ৷ খবৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ ৷

জোনাইৰ শ শ পৰিয়াল বানৰ কৱলত

জোনাই, 15 জুলাই : তৃতীয়তো বানত জলমগ্ন হৈছে জোনাইৰ কেইবাটাও অঞ্চল ৷ সীমান্তৰ অৰুণাচলত যোৱা কেইবাদি ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত তৃতীয়তো বানত জলমগ্ন হৈ পৰিছে ধেমাজি জিলাৰ জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহৎ জামুগুৰি অঞ্চলৰ প্ৰায় শ শ পৰিয়াল । বিশেষকৈ 1, 2 আৰু 3 নং জামুগুৰি; 1, 2 নং উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, চিয়াৰী বস্তি, টাইগিৰ বাৰী, মনতান, মলান, কৃষ্ণপুৰ আদিকে ধৰি প্ৰায় 12 খন গাঁৱৰ শ শ পৰিয়ালৰ ঘৰবাৰী বুৰাই পেলাইছে দিকাৰী নদীৰ বাঢ়নী পানীয়ে ৷

ঘৰৰ ভিতৰতো একাঁঠুৰ পৰা একঁকাল লৈ পানী হোৱাত শুৱা-খোৱাকে ধৰি খোৱা পানীৰ তীব্ৰ সমস্যাই দেখা দিছে বানাক্ৰান্ত ৰাইজৰ মাজত ৷ ইফালে, মানুহৰ সমান্তৰালকৈ বাসস্থান আৰু খাদ্য সংকটত ভুগিছে পশুধনবোৰ । বহু বানাক্ৰান্ত ৰাইজে পৰিয়ালৰ লগতে পশুধনক লৈ আশ্ৰয় গ্ৰহণ কৰি আছে ওখ স্থানত ৷ দিকাৰী নদীৰ বানে অঞ্চলটোৰ বাট-পথসমূহ বুৰাই পেলোৱাত যাতায়াতৰ ক্ষেত্ৰতো বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভুগিছে চৰম যাতনা ৷

অৱশ্যে জোনাই মহকুমা প্ৰশাসনে বানাক্ৰান্ত ৰাইজক ইতিমধ্যে এবাৰ বান সাহায্য প্ৰদান কৰা বুলি জানিবলৈ দিয়ে বানাক্ৰান্ত ৰাইজে ৷ কিন্তু ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিগৰাকীয়ে এবাৰো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন নকৰাৰ অভিযোগ তুলিছে বানপীড়িত ৰাইজে ৷ উল্লেখ্য যে, চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে দিকাৰী নদীৰ পাৰত আজিকোপতি স্থায়ী বান প্ৰতিৰোধৰ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতি বছৰে দিকাৰী নদীৰ বানত বৃহত্তৰ অঞ্চলটোৰ কুৰিৰো অধিক গাঁও হৈ পৰে জলমগ্ন ৷

জনপ্ৰতিনিধি তথা জোনাই মহকুমা প্ৰশাসনক বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বান বিধ্বস্ত অঞ্চলবোৰৰ ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : Objectionable Message To Woman: যুৱতীৰ অন্তৰ্বাস পৰিহিত ফটো বিচাৰি নিলম্বিত হ'ল আৰক্ষী বিষয়া

Last Updated :Jul 15, 2023, 8:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.